September 9, 2012


অনুভূতি

প্রথম পুৰুষ :- মৰুভূমিৰ মৰীচিকা দেখি ভাবিছিলো বিচৰা সুখৰ সন্ধান পালো, কিন্তু বহুদূৰ আগুৱাই অহাৰ পাছতহে ভূল ভাগিল, এতিয়া উভতিও যাব নোৱাৰো, আগুৱাই যাবলৈও কোনো পথ নাই, ফিনিক্স পক্ষী হৈ ৰৈ যাব লাগিব ইয়াতে অনন্তকাললৈ ।।

দ্বিতীয় পুৰুষ :- তই....!!

তৃতীয় পুৰুষ :- এনে এজন মানুহ, যি মাথোঁ এটা সপোনৰ পাছতেই দৌৰি ফুৰিব বিছাৰে গোটেই জীৱন, যদিও জানে যে সেই সপোন তেওঁৰপৰা শত যোজন দূৰতইয়াক প্রাপ্তি মাথোঁ এটি অলীক কল্পনাৰ বাহিৰে আন একো নহয়, তেওঁৰ বাবে প্রেম-ভালপোৱাৰ মূল্য তেনেই তুচ্ছ ।।

মোৰ ডায়েৰীৰ অন্তিমখিলা পাত

মোৰ ডায়েৰীৰ অন্তিমখিলা পাত
নিৰৱত বাঙ্ময় হৈ,
যন্ত্রনাকাতৰ হৃদয়েৰে চাই আজি
কৰুণ সন্ধিয়াটোৰ অন্তিম সূৰুজ-কণা
                        
মোৰ ডায়েৰীৰ অন্তিমখিলা পাত
দুদোল্যমান মনত হেজাৰ প্রশ্নৰ উকমুকনি
হেৰাই যাব ধৰিছে আজি
শব্দৰ খৰিকাত কেঁচা তেজৰ,
সেই চিনাকি চিনাকি মলঙা গোন্ধ

মোৰ ডায়েৰীৰ অন্তিমখিলা পাত
ভাৱনাত কম্পমান
উদাত্ত কণ্ঠৰ নিস্ফল আস্ফালন
বিকৃত মানসিকতাত আছন্ন দেহ-মন ;
স্পষ্টবাদিতাৰ আৰত আকৌ ঘৰ-বিভীষণ
ত্রস্ত সংসাৰ, কম্পিত মুক্ত-কণ্ঠ

মোৰ ডায়েৰীৰ অন্তিমখিলা পাত
শ্রান্ত-ক্লান্ত আজি এই অগ্নি-ফিৰিঙতি ;
কেওদিশে চক্রান্তৰ মায়াজাল...
অপৰিপক্ক মন...
অসহনীয়

মোৰ ডায়েৰীৰ অন্তিমখিলা পাত

ভালপোৱা, সপোন ইত্যাদি

ধ্বস্ত বিশ্বাস, ত্রস্ত ভালপোৱা ;
ক্লান্ত জীৱনৰ সেই স্বপ্নৰ আধাৰ
নিষ্ঠুৰ নিয়তিৰ নিদাৰুণ পৰশ

আৰু মই
শুকাই যোৱা চকুলোৰ আঁৰতো এটি সপোনৰ সন্ধানত

(হয়তো এই সন্ধান অনন্তকালৰ)

বিষাদৰ এটি লাজ

সপোন....
মোৰ জীৱন নদীৰ এটি এৰাসুঁতি,
বিচৰা নাছিলো কোনোদিনে
নাৱৰীয়া হৈ বঠা বাই গৈ থাকোতে
হয়তো ভূল কৰিলো দিশ,
নদীৰ চাকনৈয়াত পৰি
হাবাথুৰি খালো প্রকৃত পথৰ সন্ধানত,
কিন্তু নাপালো
সপোনবোৰ হেৰাই ৰবাত
হয়তো কোনোদিনে বিচাৰি নাপাম
মোৰ জীৱনৰ ৰংবোৰ
তথাপি মোৰ আক্ষেপ নাই
কাৰণ
সপোনবোৰ হেৰাই লেও
সিহঁত সদায় মোৰ লগতেই আছে
কিছুমান ডোখৰীয়া স্মৃতি হৈ,
কাহানিও নুশুকোৱা এটুকুৰা ঘাঁ হৈ

            ভালপোৱা, বৰষুণ  আৰু অন্যান্য

বৰ্ষণমুখৰ এটি নিশা
বাহিৰত হিমশীতল কুঁৱলীৰ চাদৰ
আৰু কোমল জোনাকৰ স্পৰ্শ

মই ভালপাওঁ
ভালপাওঁ এনে নিশা,
বৰষাৰ সুকোমল আমনি
ভালপাওঁ এই জোনাক
যি জোনাকে সোঁৱৰাই তোমাৰ কথা;
যি কুঁৱলীৰ মাজত তুমি দেখা দিয়া
এমুঠি আলোকৰ প্রতিচ্ছবি হৈ

ভালপাওঁ তোমাক,
তোমাৰ মিঠা আব্দাৰবোৰ,
তোমাৰ মিঠা অভিমানবোৰ
মোৰ হৃদয়তো বৰষুণ হৈ নামে

তোমাৰ কথা-বতৰাবোৰ,
যেন বৰষাৰ স্পৰ্শত জীপাল হোৱা
পদুমৰ গুলপীয়া পাহি
মোৰো হৃদয় জীপাল হয়
তুমি কাষত থাকিলে
ক্লান্তিৰ বা-মাৰলী আঁতৰি যায়
আৰু ভালপোৱাৰ পবিত্র অনুভূতিত
ভৰি পৰে মোৰ হৃদয়

বাহিৰত বৰষুণ
আৰু মোৰ হৃদয়ত তোমাৰ
মৰমৰ সুতীক্ষ্ন শেল
তোমাৰ ভালপোৱাৰ বৰষুণ
মোৰ মনৰ মাজতো
চিপচিপিয়া....।।

ফাগুন

ফাগুন -
মোৰ হেঁপাহৰ এটি ভৰুণ মাহ

ফাগুন -
তই বাৰু ভাল পাৱনে ?
কল্পনাৰ বালিঘৰ সাজিব বিচাৰো যাৰ তে,
নাজানো কিয় উৰুৱাই নিয়ে মৰমৰ পছোৱাজাকে

তইতো এতিয়া গাভৰু
তোৰ চাদৰৰ আঁচলখনৰ ওপৰতো যে
বলিয়া ফাগুনৰ চকু,
তই গম পাইছনে সেই কথা

সংগোপনে ফাগুনে আঁতৰাই দিব তোৰ বুকুৰপৰা
কপাহী চাদৰৰ আঁচল,
খেলি-মেলি কৰি দিব মেলি থোৱা মেঘালী চুলিতাৰি
তোৰ খং উঠিব,
লাজত ৰঙা পৰিবি

দুষ্ট ফাগুনে তোক মৰমৰ চুমা দি যাব
আৰু মই লাগি চাই দূৰৰপৰা -
তোৰ আৰু ফাগুনৰ যৌৱন উতলা কৰা খেল,
হেঁপাহ নপলোৱালৈকে